news bazar24:

। ১৭ চেপ্টেবৰত সন্ধিয়া মাতৃৰ হৈতে কাজিয়াত লিপ্ত হৈ নগৰৰ আমোলাপট্টিস্থিত বাসগৃহৰ পৰা উলাই যোৱা ২০ বছৰীয়া যুৱক মনিষ ৰায় আজিও সন্ধান হিন । কোনো শুংসুত্ৰই পোৱা পৰিয়ালটোৰ একমাত্ৰ পুত্ৰৰ । গোলাঘাট সদৰ আৰক্ষী থানাত পুত্ৰৰ নিৰুদ্দেশ হোৱাৰ খৱৰ লিখিত ভাৱে জনাইছে যদিও আৰক্ষীয়েও বৰ্তমান লৈকে যুৱক জনৰ কোনোধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই । যাৰ পৰিপেক্ষিতত দৰিদ্ৰ পিতৃ- মাতৃয়ে নিজৰ একমাত্র পুত্ৰক বিছাৰি নিৰাশ হবলগীয়া হৈছে। পিতৃ মুকেশ ৰায়ৰ আহ্বান কোনোবাই যদি তেওঁৰ পুত্ৰক দেখা পাই যোগাযোগ কৰক 8876289640 এই মবাইল নম্বৰত। উল্লেখযোগ্য যে গোলাঘাটত প্ৰতিদিনেই বৃদ্ধি পাবলৈ ধৰা নিৰুদ্দেশৰ ঘটনাই চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক। – গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰৰ ৰিপৰ্ট

Related Posts

Leave a Comment