Home » গৰুখুটি কাণ্ডৰ বাবে জগৰীয়া কোন? পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কিয় সংস্থাপনৰ ব্যৱস্থা নকৰিলে?

গৰুখুটি কাণ্ডৰ বাবে জগৰীয়া কোন? পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কিয় সংস্থাপনৰ ব্যৱস্থা নকৰিলে?

by admin
0 comment

ছিপাঝাৰৰ গৰুখুটি৷ বেদখলকাৰীৰ পৰা চৰকাৰী হাজাৰ হাজাৰ বিঘা মাটি উদ্ধাৰৰ বাবে চলোৱা অভিযান এতিয়া আন্তঃৰাষ্ট্ৰীয় চৰ্চাৰ বিষয়৷ দেশজুৰি চলিছে বিৰ্তক৷ বেদখলকাৰীয়ে উচ্ছেদকাৰী আৰক্ষীৰ ওপৰত কৰা আক্ৰমণ আৰু আৰক্ষীয়ে চলোৱা গুলীচালনাৰ ঘটনাই তুমুল বিৰ্তকৰ সূচনা কৰিছে৷ এনে সময়তে আৰম্ভ হৈছে গৰুখুটিক লৈ এইবাৰ বিৰোধীৰ মাজতেই কাজিয়া৷
“গৰুখুটি কাণ্ডৰ বাবে জগৰীয়া কোন? পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কিয় সংস্থাপনৰ ব্যৱস্থা নকৰিলে?”- এই প্ৰশ্নৰ অৱতাৰণা কৰিলে AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই৷
AIUDFৰ বিধায়ক কৰিম উদ্দিনে পোন্ধৰ বছৰীয়া শাসন কালত কংগ্ৰেছে ছিপাঝাৰৰ গৰুখুটিৰ এইসকল বেদখলকাৰীক সংস্থাপনৰ দিহা নকৰিলে বুলি প্ৰশ্নৰ অৱতাৰণা কৰে৷ লগতে বৰভূঞাই ক’লে- “এতিয়া কংগ্ৰেছে কেমেৰাৰ সন্মুখত কাপোৰ ফালি নাটক কৰিছে৷”

এয়াই কংগ্ৰেছী বিধায়কৰ পাল মৰা উত্তৰ৷ কেচুৱাই নাকান্দিলে মাকেও হেনো গাখীৰ নিদিয়ে৷ গৰুখুটিৰ বেদখলকাৰীক AIUDFয়ে সংস্থাপনৰ দাবী নকৰাৰ বাবেই কংগ্ৰেছে পোন্ধৰ বছৰীয়া শাসন কালত সংস্থাপনৰ দিহা নকৰিলে৷ এয়াই ৰাজনীতি।

Related Posts

Leave a Comment