Home » আজি মাজনিশা ওৰিশাৰ কলিঙ্গপত্তনম আৰু গোপালপুৰৰ মাজৰ উপকূলত আঘাত কৰিব গুলাবে

আজি মাজনিশা ওৰিশাৰ কলিঙ্গপত্তনম আৰু গোপালপুৰৰ মাজৰ উপকূলত আঘাত কৰিব গুলাবে

by admin
0 comment

news bazar24:অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ দুজন মাছমৰীয়াৰ দেওবাৰে সন্ধিয়া বংগোপসাগৰত উঠা ঘূৰ্ণিবতাহৰ ফলত মৃত্যু হয় আৰু এজন এতিয়াও সন্ধানহীন হৈ আছে। ভাৰতীয় বতৰ বিভাগে জানিবলৈ দিয়া মতে, ধুমুহাই উপকূলক বৰ্তমানেও কোবাই আছে। তিনি ঘণ্টাৰ ভিতৰত ই কলিঙ্গপত্তনমৰ পৰা ২৫ কিলোমিটাৰ উত্তৰে উপকূলৰ মাজেৰে পাৰ হ’ব। খবৰ অনুসৰি, ছজন মাছমৰীয়াই দুদিন আগতে নতুন নাও এখন কিনি ওড়িশাৰ উভতি আহি থকা সময়ত ধুমুহাৰ কবলত পৰে। ইয়াৰে ৩জনৰ মৃত্যু হয় যদিও আন ৩জন মাছমৰীয়া সুৰক্ষিত আছে। উল্লেখ্য যে গুলাব ঘূৰ্ণিবতাহৰ বাবে অন্ধ্ৰপ্ৰদেশ, বিশাখাপত্তনম, বিজয়নগৰম আৰু শ্ৰীকাকুলমৰ তিনিখন উপকূলীয় জিলাত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হৈছে। আজি মাজনিশা ওৰিশাৰ কলিঙ্গপত্তনম আৰু গোপালপুৰৰ মাজৰ উপকূলত আঘাত কৰাৰ আশংকা আছে। ইফালে, দক্ষিণ মধ্য ৰে’লৱেই এক বিজ্ঞপ্তি জাৰি কৰি জনায় যে ধুমুহাৰ ফলত বিজয়ৱাড়া-হাওৰা পথৰ আঠখন ৰে’ল খড়গপুৰ-ঝাৰচুগুড়া, বিলাসপুৰ আৰু বল্লাৰশ্বাহলৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে, দেওবাৰে ৰাওনা হ’বলগীয়া দুখন ৰে’লৰ সময় সলনি কৰা হৈছে।

Related Posts