Home » মুখ্যমন্ত্ৰীয়ে প্ৰকৃতাৰ্থত কি কৈছিল ? মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ পুনৰ ‘বিতৰ্কিত’ মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছে

মুখ্যমন্ত্ৰীয়ে প্ৰকৃতাৰ্থত কি কৈছিল ? মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ পুনৰ ‘বিতৰ্কিত’ মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছে

by admin
0 comment

news bazar24: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ পুনৰ ‘বিতৰ্কিত’ মন্তব্য কৰি সমালোচনাৰ সন্মুখীন হৈছে । এইবাৰ তেওঁ তেনে মন্তব্য কৰিলে ত্ৰিপুৰা প্ৰশাসনিক সেৱা বিষয়া সংস্থাৰ ২৬সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত। তেওঁ ভাষণত বিষয়া সকলক ৰাইজৰ স্বাৰ্থত আদালতলৈ কোনো ভয় নকৰাকৈ  কাম কৰি যাবলৈ নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে। তেওঁ লগতে কয় – “আমাৰ চৰকাৰ আদালতৰ চৰকাৰ নহয়; আমাৰ চৰকাৰ ৰাইজৰ চৰকাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পোন প্রথমে সোমালোচনা কৰিছে তৃণমূল কংগ্ৰেছে। TMCয়ে দেশৰ উচ্চতম ন্যায়ালয়ক সমগ্ৰ ঘটনাটো দৃষ্টিগোচৰ কৰে।
অন্যহাতেদি মুখ্যমন্ত্ৰীৰ মেডিয়া উপদেষ্টাগৰাকীয়ে সমালোচক সকলক তেনে “ভুৱা বাতৰি” প্ৰচাৰ কৰাৰ পূৰ্বে সম্পূৰ্ণ ভাষণটো শুনিবলৈ আহ্বান জনায়। তেওঁ কয়– “মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোপধ্যেই আদালতৰ অৱমাননা কৰিবলৈ উদগনি জনোৱা নাই ।“

মুখ্যমন্ত্ৰীয়ে প্ৰকৃতাৰ্থত কি কৈছিল ? 

তেওঁ পুনৰ কয় – “আপোনালোকক জে’ললৈ লৈ যোৱা ইমান সহজ নহয়। জে’ললৈ নিবলৈ হ’লে গ্ৰেপ্তাৰ কোনে কৰিব ? আৰক্ষীয়ে কৰিব । কিন্তু আৰক্ষী মুখ্যমন্ত্ৰীৰ অধীনত। পুলিচে ক’ব – একো প্ৰমাণ পোৱা নগ’ল; তেতিয়া তেওঁলোকে কি কৰিব ।“
তৃণমূলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে মুখ্যমন্ত্ৰীৰ ভাষণৰ সম্পূৰ্ণ ভিডিঅ’টো টুইট কৰি কয় – বিপ্লৱ দেৱে গণতন্ত্ৰৰ অন্যতম স্তম্ভ ন্যায়পালিকাক উপলুঙা কৰিছে । তেওঁ উচ্চতম ন্যায়ালয়ক পদক্ষেপ ল’বলৈ আহ্বান জনায় ।

Related Posts

Leave a Comment