news bazar24: মালিগাঁও , ৩ অক্টোবৰ : গুৱাহাটী মহানগৰীৰ মাজমজিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ হৃতপিণ্ড স্বৰূপ মালিগাঁও বৰিপাৰাত ৰায়তী মাটি পট্টাকৰণৰ নামত অঞ্চলটোৰ কেইজনমান লোকে স্থানীয় বৰিপাৰা বাসীৰ পৰা শেহতীয়াকৈ ধন সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি অঞ্চলটোত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনকি ৰায়তী মাটি পট্টাকৰণ আৰু উপায়ুক্ত কাৰ্যালয়ৰ পৰা যাবতীয় নথি পত্ৰ যোগান ধৰাৰ নামত অবৈধভাৱে সমাজৰ পৰা ধন সংগ্ৰহ কৰা ব্যক্তিৰ নাম সন্নিবিষ্ট কৰি সেই ব্যক্তি সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মালিগাঁও বৰিপাৰাৰ ( পাণ্ডৱ নগৰ ) দেৱেন্দ্ৰ শৰ্মা নামৰ এজন লোকে ২৯ ছেপ্টেম্বৰত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক এখন অভিযোগ পত্ৰ দাখিল কৰিছে । উপায়ুক্তক প্ৰদান কৰা অভিযোগ পত্ৰত দেৱেন্দ্ৰ শৰ্মাই উল্লেখ কৰা অনুসৰি মালিগাঁও বৰিপাৰাত বাস কৰা মানুহখিনী প্ৰায় ১০০ বছৰ ধৰি বাস কৰি থাকিলেও বেছিভাগ মাটিৰ গৰাকীয়ে হল কামাখ্যাবাসী । কিন্তু প্ৰায় এমাহ ধৰি মাটি সমূহ পট্টা বা নামজাৰী কৰি দিব বুলি সমাজত আশ্বাস দি তাৰ স্থানীয় ব্যক্তি ক্ৰমে – অতুল কুমাৰ , ধৰণী কুমাৰ , অতুল ৰাজবংশী , সঞ্জয় দাস , জগন্নাথ কুমাৰ , জিতেন দাস আদিয়ে লাট মণ্ডলক লগত লৈ মাটি সমূহ জোখ মাফ কৰি আছে । আনকি আনচাৰী উপাধিৰ অধিবক্তা এজনক আনি উপায়ুক্ত কাৰ্যালয়ৰ নকল দ্ৰাফ , চিঠা আদি কামকাজৰ নামত প্ৰতিঘৰ লোকৰ পৰা চাৰি হাজাৰকৈ টকা সংগ্ৰহ কৰিছে । এতিয়ালৈ প্ৰায় ৫০ ঘৰ মান মানুহে ধন আদায় দিছে । আনকি ধন সংগ্ৰহ কৰা লোক সকলৰ বেছিভাগেই বৰিপাৰাত থকা তৰুণসংঘ পুথিভঁৰালৰ বিষয় ববীয়া হোৱা বাবে পুথিভঁৰালৰ পৰা মাটিৰ যাবতীয় কাম – কাজ সমূহ পৰিচালনা কৰা হৈছে । আনকি এই সন্দৰ্ভত তেওঁলোকে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ মানুহখিনীক বিপথে পৰিচালিত কৰিছে । তৰুণসংঘ পুথিভঁৰালক চক্ৰ বিষয়াৰ কাৰ্যালয়ত পৰিণত কৰা উক্ত লোকসকলে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মাটিবাৰীৰ কামকাজৰ দায়িত্ব দিয়া বুলিও প্ৰচাৰ কৰি আছে । ফলত বেছিভাগ লোকেই সঁচা বুলি তৰুণসংঘ পুথিভঁৰালত ভীৰ কৰা পৰিলক্ষিত হৈছে । যাৰ বাবে অভিযোগ পত্ৰ দাখিল কৰা দেৱেন্দ্ৰ শৰ্মাই উপায়ুক্তক সমগ্ৰ ঘটনাৰ তদন্ত কৰি তৰুণসংঘ পুথিভঁৰালৰ দালালৰূপী কৰ্মকর্তা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।উল্লেখযোগ্য যে স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীক অভিযান চলাবলৈ নিৰ্দেশ দি প্ৰায় ৬০০ জন দালালক জেললৈ প্ৰেৰণ কৰা আৰু ২ অক্টোবৰৰ পৰা মাটি বাৰীৰ কাম কাজ সমূহ সৰলীকৰণৰ বাবে ৰাজ্য চৰকাৰে “মিছন বসুন্ধৰা” নামৰ এখন বিশেষ আঁচনি গ্ৰহণ কৰিছে । সেই সময়ত মুখ্যমন্ত্ৰীৰ সমষ্টিত মুখ্যমন্ত্ৰীৰ নাম লৈ মাটি পট্টাকৰণৰ নামত মানুহক বিপথে পৰিচালিত কৰা বিষয়টোৱে অঞ্চলটোৰ সচেতন লোক সকলক চিন্তিত কৰি তুলিছে । যাৰ বাবে সকলো শ্ৰেণীৰ সচেতন লোকে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ।

Related Posts