Home » পদ্মশ্ৰী ডাঃ কুশল কোঁৱৰ শৰ্মা কেনেকৈ হৈছিল হাতীৰ অনুৰাগী ?

পদ্মশ্ৰী ডাঃ কুশল কোঁৱৰ শৰ্মা কেনেকৈ হৈছিল হাতীৰ অনুৰাগী ?

by admin
0 comment

newsbazar24 ঃ মানুহ দিনক দিনে বাঢ়ি গৈছে৷ এনিমেল কৰিডৰতে গঢ় লৈছে উদ্যোগ৷ ৰে’ল লাইনো গৈছে বহু এনিমেল কৰিডৰেৰে৷ আমাক উন্নয়নো লাগিব, লগতে লাগিব হাতীৰ সুৰক্ষাও৷ হাতীৰ বাবে বহুকেইটা বেচৰকাৰী সংগঠনে ভাল কাম কৰি আছে৷ চৰকাৰেও বিষয়টোক সমানে গুৰুত্ব দি আহিছে৷ হাতীক বহু খাদ্য লাগে৷ সলনি হৈ অহা ডেম’গ্ৰাফীয়ে হাতীক জনাঞ্চললৈ আহিবলৈ বাধ্য কৰিছে৷ হাতী নিজৰ ঠাইত ঠিকেই আছে, আমি মানুহবোৰে হাতীৰ বিচৰণ ভূমি দখল কৰি ভাবুকি আনিছো৷ মানুহে এটা কথা বুজা উচিত, হাতী থকাৰ বাবেহে বনাঞ্চলত পানী সংৰক্ষিত হৈ আছে৷ হাতীৰ লাডবোৰে পানী ধৰি ৰখাত সহায় কৰি আহিছে৷”– ডাঃ শৰ্মাই ক’লে।
অসমত বছৰি প্ৰায় ১০০ হাতীৰ মৃত্যু হয় দুৰ্ঘটনা, মানুহৰ অত্যাচাৰত৷ হাতীৰ আক্ৰমণতো মানুহ মৰে বছৰি প্ৰায় ২০০৷ এই সময়খিনিত ৰাইজলৈ এটাই আহ্বান ডাঃ কুশল কোঁৱৰ শৰ্মাৰ – বিহ দি, বিদ্যুৎস্পৃষ্ট কৰি হাতী নামাৰিব৷ শুকুৰবাৰে ডাঃ কুশল কোঁৱৰ শৰ্মা ৰাওনা হৈছে শোণিতপুৰ জিলাৰ ৰঙাপৰালৈ৷ ৰঙাপৰাত বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে হাতীৰ গতিবিধি চাবলৈ ব্যৱহৃত হ’ব ৰেডিঅ’ কলাৰ৷ ৰেডিঅ’ কলাৰ কিমান সফল হ’ব নাজানো বুলি কৈ ডাঃ শৰ্মাই ক’লে, পৰীক্ষা কৰি চোৱাত আপত্তি কি!

Related Posts

Leave a Comment