Home » সন্ধিয়াৰ পৰা নিখোজ হৈ থকা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

সন্ধিয়াৰ পৰা নিখোজ হৈ থকা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

by admin
0 comment

গুৱাহাটী,১২ নৱেম্বৰ, ২০২১: সন্ধিয়াৰ পৰা নিখোজ হৈ থকা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ। বৰপেটাৰোডৰ সমীপৰ জাখলিবিলত সংঘটিত হৈছে এক হত্যাকাণ্ড। এজন কিশোৰক হত্যা কৰি পেলাই থৈ যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে এটি পুখুৰীত।

প্রাপ্ত খবৰ মতে গাঁওখনৰ এটি পুখুৰীত উদ্ধাৰ হোৱা মৃতদেহটো হৈছে নজৰুল হকৰ এঘাৰ বছৰীয়া পুত্ৰ মফিজুল হকৰ। মৃত মফিজুল হক আদৰ্শ জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল।

কালি সন্ধিয়াৰ পৰা নিখোজ হৈ থকাৰ পিছত স্থানীয় ৰাইজে পুখুৰীটোত ছাত্ৰজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে।

আনহাতে, স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোক সকলে কৰা অভিযোগ মতে এই হত্যাকাণ্ড ছফিকুল ইছলাম আৰু ৰফিকুল ইছলাম নামৰ দুই ভাতৃয়ে সংঘটিত কৰিছে।

দুয়োকে ইতিমধ্যে ৰাইজে আটকে কৰি শিমলুগুডী আৰক্ষীক ঘটাই দিয়ে।
বৰপেটাৰোডৰ সমীপৰ শিমলাগুডী আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ডটোৰ সম্পৰ্কত অনুসন্ধান আৰম্ভ কৰিছে।

Related Posts

Leave a Comment