news bazar24: নগাঁৱৰ মাজ জাজৰিৰ বোৱাৰী সাগৰিকা কাকতি বৰুৱাই আজুৰি আনিলে আন্তঃৰাষ্ট্ৰীয় ডুবাইৰ ৰাণী খিতাপ। ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সাগৰিকাই।এটি কন্যা সন্তানৰ মাতৃ হৈও সাগৰিকাই উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় ৰাণী ডুবাইৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল। এই বঁটা গ্ৰহণ কৰি সাগৰিকাই মনৰ অনুভৱ ব্যক্ত কৰি কয় যে, “বিদেশত আহি সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী মুকুট পৰিধান কৰাটো মোৰ সপোনৰ আছিল।তাতোকৈ গৌৰৱান্বিত হৈছোঁ এইবাবেই যে, ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাখনিৰ প্ৰশ্নোত্তৰ শিতানত মই অসমৰ কথা হিয়া উজাৰি ক’ব পাৰিছিলো। অসমৰ লোকসংস্কৃতিৰ কথা ক’বলৈ গৈ বিহুৰ বৰ্ণনা দিওঁতেই বিচাৰকৰ পৰা মই উচ্চ প্ৰশংসা লাভ কৰিছিলোঁ আৰু দেশী-বিদেশী অগণন দৰ্শকে বিহু সম্পৰ্কে আৰু অধিক জানিবলৈ বিচৰাত মই নিজে বিহুগীত গাই, নাচি বহুত আনন্দিত হৈছিলোঁ । মই বিশেষভাৱে সুখ অনুভৱ কৰিছোঁ যে মই জীয়ৰী কালৰ পৰাই ভাবি অহা ৰেম্পট খোজ কঢ়া মূহুৰ্তৰ সাক্ষী হৈ ৰ’ল মোৰ কণমানি জীয়ৰী আভিয়ানাও।” সাগৰিকাই এই সফলতাৰ আঁৰত প্ৰেৰণা যোগোৱা স্বামী ৰূপজ্যোতি বৰুৱাক কৃতিত্ব প্ৰদান কৰাৰ লগতে পৰিয়ালবৰ্গ তথা অগণন শুভাকাংক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰে। আমেৰিকা, অষ্ট্ৰেলিয়া, ৰাছিয়া, ইউক্ৰেনিয়ানকে ধৰি বহুকেইখন ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে সাগৰিকাই।