Home » তেওঁৰ পত্নী মোবাইল আসক্ত।স্বামীক ঘুচিয়াই দাঁত ভাঙি দিলে পত্নীয়ে

তেওঁৰ পত্নী মোবাইল আসক্ত।স্বামীক ঘুচিয়াই দাঁত ভাঙি দিলে পত্নীয়ে

by admin
423 views

news bazar24; ক্ষুব্ধ হৈ ভয়াৱহ কাণ্ড সংঘটিত কৰিলে পত্নীয়ে। ঘটনাটো সংঘটিত হৈছিল যোৱা বৃহস্পতিবাৰে। শুকুৰবাৰে ছিমলাৰ থিওগ থানাত দাখিল কৰা হয় গোচৰ।
আৰক্ষীক আহত ব্যক্তিজনে জনোৱা মতে, তেওঁৰ পত্নী মোবাইল আসক্ত। দিনটো Whatsapp Chatত ব্যস্ত থাকে। বৃহস্পতিবাৰে পত্নী যেতিয়া Whatsapp Chatত ব্যস্ত আছিল, ঠিক সেই সময়তে তেওঁক বাধা দিবলৈ যায় স্বামীয়ে। আৰু তেতিয়াই খঙত অগ্নিশৰ্মা হৈ পত্নীয়ে ঘুঁচিয়াই দাঁত ভাঙি দিয়ে স্বামীৰ।
কিন্তু ইয়াতেই শেষ নহয়! অভিযোগ অনুসৰি, স্বামীক লাঠীৰে বেয়াকৈ প্ৰহাৰো কৰে পত্নীয়ে। পিছত হাস্পতালতো ভৰ্তি কৰে। ইয়াৰ পিছৰ পৰাই ক্ষোভত ফাটি পৰে স্বামী। চিকিৎসকৰ পৰা প্ৰেচক্ৰিপশ্যন লৈ হাজিৰ হয়গৈ থানাত। পত্নীৰ বিৰুদ্ধে দাখিল কৰে অভিযোগ।ছিমলাৰ আৰক্ষীয়ে জনোৱা মতে, লোকজনৰ অভিযোগৰ ভিত্তিত এতিয়া তদন্ত আৰম্ভ কৰা হৈছে। কিয় এই মহিলাগৰাকীয়ে তেনে কাম কৰিলে সেয়া অনুসন্ধান কৰা হ’ব। শুনিবলৈ পোৱা মতে, প্ৰথমিক তদন্তৰ পিছত বহু প্ৰশ্ন উত্থাপিত হৈছে।

Related Posts