news bazar24: শিক্ষা বিভাগে প্ৰকাশ কৰা SOP অনুসৰি নৱম শ্ৰেণীৰ পাঠদান ১ অক্টোবৰৰ পৰা আৰু একাদশ শ্ৰেণীৰ পাঠদান ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। প্ৰতিদিনেই চলিব এইসমূহ শ্ৰেণীৰ পাঠদান। SOPৰ জৰিয়তে শিক্ষা বিভাগে প্ৰকাশ কৰিলে এই কথা।
ইতিমধ্যে আৰম্ভ হোৱা দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানসমূহ প্ৰতিদিনে চলি থাকিব। হোষ্টেলত দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী থাকিব পাৰিব। শিক্ষানুষ্ঠানৰ চৌহদত মিটিং আৰু সাংস্কৃতিক অনুষ্ঠান পাতিব নোৱাৰিব।
UP স্কুলৰ ক্ষেত্ৰত সোমবাৰ, বুধবাৰ, শুক্ৰবাৰে ষষ্ঠ শ্ৰেণীৰ পাঠদান হ’ব। মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰে সপ্তম শ্ৰেণীৰ পাঠদান আৰু বুধবাৰ, শুক্ৰবাৰ, শনিবাৰে অষ্টম শ্ৰেণীৰ পাঠদান চলিব।
মহাবিদ্যালয়, বিশ্ববিদ্যালয়, পলিটেকনিক, ইঞ্জিনীয়াৰিং কলেজ, TT কলেজৰ ক্ষেত্ৰত ১ অক্টোবৰৰ পৰা প্ৰতিদিনে পাঠদান হ’ব। চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসমূহৰ বাবেহে হোষ্টেলৰ সুুবিধা উপলব্ধ হ’ব।