news bazar24: ভাৰত আৰু চীনৰ মাজত উত্তেজনা সম্পূৰ্ণৰূপে সমাপ্ত হোৱা নাই। শেহতীয়াকৈ খবৰ পোৱা গৈছে যে চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ (PLA) ১০০জন সৈন্যই যোৱা ৩০ আগষ্টত ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰিছিল। সূত্ৰ অনুযায়ী, চীনা সৈন্যই ঘোঁৰাত উঠি উত্তৰাখণ্ডৰ (Uttarakhand) বাৰাহোটি পাইছিল। কেৱল সেয়াই নহয়, চীনা পক্ষই প্ৰায় ‘তিনি ঘণ্টা’ ভাৰতীয় ভূখণ্ডত আছিল।জানিব পৰা মতে, চীনৰ সেনাই এখন ফুট ব্ৰীজ ধ্বংস কৰিছিল, কিন্তু এই সময়ছোৱাত ভাৰতীয় সেনাৰ মুখামুখি হোৱা নাছিল। ‘সেনা আৰু আইটিবিপিৰ জোৱানসকল উপস্থিত হোৱাৰ সময়ত পিএলএ সৈন্যসকল উভতি গৈছিল’ বুলি এটা সূত্ৰই উল্লেখ কৰে। অৱশ্যে, চৰকাৰে অনুপ্ৰৱেশৰ বিষয়ে একো জনা নাই বুলি উল্লেখ কৰিছে, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে চৰকাৰৰ ওচৰত “তেনে কোনো তথ্য” নাছিল। সংবাদ সংস্থা টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে শেহতীয়া নিৰীক্ষণ আৰু চোৰাংচোৱা প্ৰতিবেদন অনুসৰি পিএলএই ইয়াৰ সৈন্যৰ বাবে নতুন কণ্টেইনাৰ-আধাৰিত মডুলাৰ সুবিধা বিকশিত কৰিছে। প্ৰতিবেদন অনুসৰি, এই নিৰ্মাণসমূহ পূব লাডাখৰ সন্মুখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত কমেও ৮টা স্থানত সম্পন্ন কৰা হৈছে। উল্লেখ্য, ভাৰত আৰু চীনে ৫০ হাজাৰকৈ সৈন্য পূব লাডাখত মোতায়েন কৰিছে। ইয়াৰ উপৰি সীমান্তত কামান আৰু মিছাইলো আছে। ড্ৰোন আৰু যুঁজাৰু বিমানৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছে পৰিস্থিতি। উল্লেখ্য, পাংগং হ্ৰদ অঞ্চলত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত হিংসাত্মক সংঘৰ্ষৰ পিছত সীমান্তত উত্তেজনা বৃদ্ধি পাইছিল।