Home » মৃত ব্যক্তিৰ নামত অহা বিলৰ অজুহাত মাজ গাঁওত বিদ্যুৎ কৰ্তন।বিদ্যুৎ বিভাগৰ এক আজৱ কাণ্ডই আমগুৰিৰ এজন গ্ৰাহকক বিপাঙত

মৃত ব্যক্তিৰ নামত অহা বিলৰ অজুহাত মাজ গাঁওত বিদ্যুৎ কৰ্তন।বিদ্যুৎ বিভাগৰ এক আজৱ কাণ্ডই আমগুৰিৰ এজন গ্ৰাহকক বিপাঙত

by admin
119 views

news bazar24 : বিদ্যু বিভাগৰ আজৱ কাণ্ড।মৃত ব্যক্তিৰ নামত অহা বিলৰ অজুহাত মাজ গাঁওত বিদ্যুৎ কৰ্তন।বিদ্যুৎ বিভাগৰ এক আজৱ কাণ্ডই আমগুৰিৰ এজন গ্ৰাহকক বিপাঙত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। উত্থাপিত অভিযোগ অনুসৰি,আমগুৰি মাজ গাঁওৰ বিপুল চাৰিঙীয়া নামৰ গ্ৰাহক জনৰ বিদ্যুৎৰ বিল নিয়মীয়া হৈ থকাৰ পিছতো বিদ্যু কৰ্তন কৰে আমগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ কৰ্মচাৰীয়ে।উল্লেখ্য যে বিপুল চাৰিঙীয়াৰ পিতৃ প্ৰয়াত নিত্যানন্দ চাৰিঙীয়াৰ নামত বিদ্যুৎ সংযোগ আছিল যদিও পিতৃ মৃত্যু হোৱাৰ পিছতেই পুত্ৰ বিপুল চাৰিঙীয়াই পিতৃৰ নামত দিব লগা থকা বিদ্যুৎৰ বিল পৰিশোধ কৰি পুত্ৰৰ নামত বদলি কৰি লৈছিল।কিন্ত আশ্চৰ্যজনক ভাৱে মৃত পিতৃৰ নামত বিল আদায় দিব লগা আছে বুলি বিদ্যুৎ সংযোগ কৰ্ত্তন কৰাত বিপাঙত পৰিছে বিপুল চাৰিঙীয়া নামৰ গ্ৰাহক জন।ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে সহযোগিতা বিচাৰিছে।

Related Posts