news bazar24: ICC T-20 বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে এখন তালিকা প্ৰস্তুত কৰিছে যিখনত T-20ৰ শীৰ্ষ ৫গৰাকী খেলুৱৈৰ নাম উল্লেখ কৰিছে। গ্লেন মেক্সৱেলে তেওঁৰ তালিকাত স্থান দিছে আফগানিস্তানৰ তাৰকা স্পিনাৰ ৰছিদ খান, ৱেষ্ট ইণ্ডিজৰ বিধ্বংসী বেটছমেন আন্দ্ৰে ৰাছেল, ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্ট’কছ, অষ্ট্ৰেলীয়াৰ কিংবদন্তি উইকেটকীপাৰ বেটছমেন আডাম গিলক্ৰিষ্ট আৰু বিধ্বংসী পেছ বলাৰ শ্বন টেইটক। এই আটাইকেইজনকে সীমিতা অভাৰৰ খেলৰ আটাইতকৈ যোগ্য আৰু শীৰ্ষ-পাঁচজন খেলুৱৈ হিচাপে বাছনি কৰিছে গ্লেন মেক্সৱেলে। এই মাহৰ শেষৰ ফালে UAE আৰু ওমানত আৰম্ভ হ’বলগীয়া ICC T-20 বিশ্বকাপৰ পূৰ্বে এই তালিকা প্ৰস্তুত কৰিছে গ্লেন মেক্সৱেলে। মেক্সৱেলক T-20 বিশ্ব একাদশত তেওঁৰ পছন্দৰ পাঁচজন খেলুৱৈ বাছনি কৰিবলৈ কোৱা হৈছিল, মেক্সৱেলে ক্ৰিকেটৰ সকলো দিশ সামৰি ল’ব পৰা বিকল্পৰ চিন্তা কৰি এই ৫গৰাকী খেলুৱৈক বাছনি কৰিছিল যিসকলে বিশ্বৰ যিকোনো পাঁচজনীয়া এটা টি-২০ দলক কঠিন প্ৰত্যাহ্বান দিব পাৰে। T-20 ক্ৰিকেটত আগশাৰীৰ স্পিনাৰ হিচাপে বিবেচিত হোৱা ৰছিদ খান আছিল মেক্সৱেলৰ নম্বৰ ১ বাছনি। ২৩ বছৰীয়া ৰছিদে ইতিমধ্যে খেলৰ সকলো ফৰ্মেটতে কেইবাটাও কৃতিত্ব অৰ্জন কৰিছে। ৰছিদ খানৰ ভেৰিয়েচনৰসন্মুখত তাৰকা বেটছমেনসকলেও বিপাঙত পৰে। মেক্সৱেলৰ মতে আগন্তুক T-20 বিশ্বকাপত ৰছিদ খানে ধুমুহাৰ সৃষ্টি কৰিব পাৰে।
previous post