গুৱাহাটী , ১৯ অক্টোবৰ : শিলচৰত চৰকাৰী চাইনবৰ্ডত অসমীয়া আখৰৰ ওপৰত দুস্কৃতিকাৰীয়ে কলা ছাই সনা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি এনে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এটা বিবৃতিত বিধায়ক কলিতাই কয় যিসকলে এনে ঘৃণনীয় আৰু নিন্দনীয় কাৰ্য কৰিছে তেওঁলোকে প্ৰকৃততে বিভেদকামী শক্তিৰ নামান্তৰ মাথোন আৰু বৰাক – ব্ৰহ্মপুত্ৰৰ মাজত সম্প্ৰীতিৰ এনাজৰীডালত ভাঙোন অনাৰ লক্ষ্যৰে কোনো অসম বিৰোধী ৰাজনৈতিক শক্তিয়ে এনে অপকার্য সংঘটিত কৰিছে । অসম চৰকাৰৰ গৃহ বিভাগে যাতে এনে ধৰণৰ বিভেদকামী শক্তিক চিনাক্ত কৰি কলা ছাই সনা কাৰ্যৰ লগত জড়িত দুস্কৃতিকাৰী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰে তাৰবাবে কলিতাই চৰকাৰক আহ্বান জনাইছে ।