news bazar24: হাজোৰ আধিয়াৰপাৰাত দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। দ্ৰুতবেগী ট্ৰেভেলাৰে বাহনে মহতিয়াই নিয়াত এজন কিশোৰ থিতাতে নিহত হোৱাৰ পিছতে ক্ষুদ্ধ ৰাইজে ভাঙি চুৰমাৰ কৰিলে ট্ৰেভেলাৰখন।
গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী AS-25-CC-1893 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰেভেলাৰখনে চাইকেলেৰে গৈ থকা ১৩ বছৰীয়া ৰিকি আহমেদ নামৰ এজন কিশোৰক মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় কিশোৰজন। এই ঘটনা সংঘটিত কৰিয়েই ট্ৰেভেলাৰখনৰ চালকজন বাহনখন ঘটনাস্থলীৰ পলায়ন কৰে যদিও ক্ষুদ্ধ স্থানীয় ৰাইজে ভাঙি চুৰমাৰ কৰে বাহনখন।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ হাজো আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ঘটনাকলৈ এতিয়াও অঞ্চল জুৰি অব্যাহত আছে তীব্ৰ উত্তেজনা। ৰিকি আহমেদৰ ঘৰ হাজোৰ বৰ্ণিত।