news bazar24: শুক্ৰ বাৰে দিচপুৰত জেষ্ঠ আয়ুৰ্বেদিক চিকিৎসক ফৰাম আৰু আয়ুৰ্বেদিক চিকিৎসা সংগঠনৰ দুটা দলে মাননীয় মুখ্য মন্ত্ৰী আৰু মাননীয় স্বাস্থ্য মন্ত্ৰী মহোদয়ক লগ ধৰি আয়ুৰ্বেদিক পদ্ধতিৰ উন্নয়নৰ বাবে ল’ব লগা ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰে । দুয়োজন মন্ত্ৰীয়ে আয়ুৰ্বেদিক চিকিৎসকৰ সমস্যা সমূহো আন্তৰিকতাৰে সমাধান কৰাৰ আশ্বাস দিয়া বাবে সমূহ আয়ুৰ্বেদিক চিকিৎসকৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱা বুলি ডা: হেমন্ত গোস্বামী আৰু ডা: অৰবিন্দ দাসে এক বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে ।