Home » ৰাজ্যত দলিলৰ অবৈধ ব্যৱসায় আৰক্ষীৰ অভিযানত উৎখাত দুষ্টচক্ৰ

পঙ্কজ নাথ, চাংসাৰী, ২৭ নৱেম্বৰ : কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নাকৰ তলতে দলিলৰ ৰমৰমীয়া কলা বেহা চলাৰ অভিযোগ দীৰ্ঘদিনীয়া। মনকৰিবলগীয়া যে দুগুণ মূল্যত কলা বজাৰত নিতৌ বিক্ৰী হৈছে এশ টকীয়া, পাচশ টকীয়া, হাজাৰ টকীয়া দলিল। একাংশ দুষ্ট চক্ৰ ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি দলিলৰ কলা বেহা চলাই মুনাফা লুটি আহিছে। অৱশ্যে পলমকৈ হলেও অৱশেষত ষ্টাম্প পেপাৰৰ কলা বেপাৰীৰ বিৰুদ্ধে অভিযান চলালে কামৰূপ জিলা আৰক্ষী প্ৰশাসনে। উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপৰ নেতৃত্বত শনিবাৰে দোকানে দোকানে চলিল আৰক্ষীৰ অভিযান। অতি আশ্চৰ্যজনক ভাবে আৰক্ষীৰ অভিযানত ষ্টেচনাৰী দোকান আৰু জুচ চেন্টাৰত উদ্ধাৰ হল বৃহৎ পৰিমানৰ দলিল। এই সন্দৰ্ভত আৰক্ষীয়ে কণিকা বৰা নামৰ এগৰাকী মহিলা ব্যৱসায়ীক আটক কৰিছে। তেওঁৰ দোকানৰ পৰা বহু দলিল পেপাৰ জব্দ কৰাৰ লগতে দোকানখনো চীল কৰি দিয়ে অভিযানকাৰী আমিনগাঁৱ আৰক্ষীৰ দলে। দলিলৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলিলে আৰু অধিক লোক আটক হোৱাৰ সম্ভাৱনা আছে।

Related Posts

Leave a Comment