Home » পুষ্পকৰ সেই বৰ্ষণমুখৰ অভিশপ্ত সন্ধিয়া,গাঁওবাসীয়ে কেনেকৈ প্ৰাণ বচাইছিল প্ৰধানমন্ত্ৰীৰ

মৃণাল চক্ৰৱৰ্তী ঃ নতুন দিল্লীৰ পালাম বিমানবন্দৰত তেতিয়া যথেষ্ট তৎপৰতা। যুদ্ধকালীন ক্ষীপ্ৰতা অথচ নিয়াৰিকৈ সকলো কাম সম্পন্ন কৰাৰ বাবে অহৰহ লাগি আছে বায়ুসেনাৰ বিষয়া-কৰ্মচাৰীসকলে। যেন যিকোনো মুহূৰ্ততে উৰণলৈ সাজু তেওঁলোক। সেইসময়ৰ বায়ুসেনাৰ অন্যতম অহংকাৰ পুষ্পক তেতিয়া ৰাণৱেত। এই পুষ্পকতে সেইসময়ৰ দেশৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে আহিব অসমলৈ। সেইদিনা আছিল ৪ নৱেম্বৰ ১৯৭৭ চন। প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসনভাৰ পৰিচালনা কৰা মোৰাৰজী দেশাইয়ে এখন সভাত অংশগ্ৰহণ কৰাৰ বাবে অসমৰ যোৰহাটলৈ আহিব। ইতিমধ্যে পালামৰ লেখীয়া ৰৰৈয়া বিমানবন্দৰতো প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা বেষ্টনী। কিয়নো যোৰহাটৰ সভাৰ পৰা পুনৰ প্ৰধানমন্ত্ৰীগৰাকী নতুন দিল্লীলৈ উভটি যোৱাৰ কথা। পালাম বিমানবন্দৰৰ পৰা সেইদিনা পুষ্পকত প্ৰধানমন্ত্ৰীগৰাকীৰ লগত আছিল তেওঁৰ পুত্ৰ কান্তিকাল দেশাই, আই বিৰ সঞ্চালক জন লবো, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পি কে থুনগোমসহ পাইলট উইং কামাণ্ডাৰ ক্লাৰেন্স ডি লিমা, যোগিন্দৰ সিং, স্কুৱাড্ৰন লীডাৰ মেথিউ চাইৰিয়াক, ভি ভি এছ শংকৰ, এয়াৰ ক্ৰাফট সহযোগী অ’ পি অৰোৰা আৰু প্ৰশিক্ষণৰত এগৰাকী পাইলট। ইয়াৰে প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পি কে থুনগোম, আই বিৰ সঞ্চালক জন লবো, কান্তিকাল দেশাই আৰু প্ৰশিক্ষণৰত পাইলটগৰাকীৰ বাহিৰে বিমানখনৰ পাইলট, কো পাইলট, স্কুৱাড্ৰন লীডাৰ দুগৰাকী আৰু এয়াৰ ক্ৰাফট সহযোগীগৰাকী আছিল ককপিটত। সকলো পৰীক্ষা নিৰীক্ষাৰ অন্তত তথা এ টি চিৰ সংকেতৰ পিছত সন্ধিয়া ৫.৩০ বজাত নিজস্ব গৰিমাৰে আকাশৰ বুকুত বিলীন হৈছিল পুষ্পক। ৰাছিয়ান অত্যাধুনিক বিমানখনৰ ওপৰত কাৰো সন্দেহৰ কোনো অৱকাশ নাছিল। কিয়নো ৰাছিয়াত নিৰ্মিত টি ইউ ১২৪ জেট, ভি ৬৪৩ পুষ্পক সেই সময়ত সকলো ফালৰ পৰা বায়ুসেনাৰ পছন্দৰ অন্যতম বিমান আছিল। কিন্তু এই বিশ্বাসক ভুল প্ৰমাণিত কৰি উৰণৰ প্ৰায় দুঘণ্টা পিছত আকাশমাৰ্গত বিজুতি ঘটিল পুষ্পকৰ। অত্যাধুনিক বিমানখন তেতিয়া যোৰহাটৰ আকাশত নিৰ্দিষ্ট আকাশী পথেৰে উৰি আছিল যদিও হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় বিমানখনে। নিয়ন্ত্ৰণ হেৰুৱাই বিমানখনে ক্ৰমশঃ অধঃমুখী গতি কৰিবলৈ ধৰে। আনকি এ টি চিৰ পৰাও সংযোগ বিচ্ছিন্ন হৈ পৰে পুষ্পকৰ। সন্ধিয়া ৭.৪২ বজাত এ টি চিয়ে অন্তিমবাৰৰ বাবে পুষ্পকলৈ বাৰ্তা প্ৰেৰণ কৰে যদিও তাৰ পিছৰ পৰা আৰু সংযোগ স্থাপন কৰিব পৰা নগ’ল পুষ্পকৰ সৈতে। সেই সময়ত পুষ্পক আছিল যোৰহাট চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ আঁতৰৰ টেকেলা গাঁৱৰ ওপৰত। ভিতৰত বহি থকা সকলোৱে যেন কিবা নিশ্চিত বিপদৰ আগজাননীত অস্থিৰ হৈ পৰিল। মেঘাচ্ছন্ন আকাশৰ কিনকিনীয়া বৰষুণে উদভ্ৰান্ত হৈ পৰা পুষ্পকৰ সৈতে সন্ধিয়াটো যেন জয়াল কৰি তুলিছে। কেইটামান ছেকেণ্ড মাথোঁ, ভাৰতীয় বায়ুসেনাৰ গৰিমাক নিশ্চিহ্ন কৰি অধঃমুখী হৈ থকা পুষ্পক দুটুকুৰা হৈ নিমিষতে খহি পৰিল ভূ-পৃষ্ঠত।
যোৰহাটৰ টেকেলা গাঁৱৰ বাসিন্দাসকল তেতিয়া দিনটোৰ পৰিশ্ৰমৰ অন্তত নিশাৰ যোগাৰত ব্যস্ত। বৰষুণ আৰু প্ৰচণ্ড শীতৰ বাবে কোনো কোনোৱে ইতিমধ্যে শোৱাপাটীত পৰিছিলেই। এনেতে আকাশত প্ৰচণ্ড শব্দত নিজম নিশাটো সাৰ পাই উঠিল। লগে লগে শব্দৰ উৎস বিচাৰি সজাগ হৈ পৰিল গাঁওবাসী। যি যেনেকৈ আছে সকলো তেনেকৈ এৰি টেকেলা গাঁৱৰ সমূহ গঞা ওলাই আহিল বাহিৰলৈ আৰু বাহিৰলৈ আহিয়ে দেখিলে এটা বৃহৎ অগ্নিপিণ্ড পৰি আছে গাঁৱৰ এমূৰত থকা পথাৰখনত। ইতিমধ্যে কিবা এটা বুজি গাঁৱৰ কেইজনমান লোক পথাৰখনলৈ গৈ ধ্বংসপ্ৰাপ্ত বিমানখনসহ আৰোহীসকলক প্ৰত্যক্ষ কৰে আৰু দৃশ্য দেখিয়ে তৎপৰতাৰে তেওঁলোকক উদ্ধাৰত নামি পৰে। ধ্বংসপ্ৰাপ্ত বিমানখন দুটা ভাগ হৈ মাটিত পৰি ৰৈছিল। প্ৰকৃততে এচোপ বাঁহত খুন্দা খাই বিমানখনৰ ককপিটসহ সন্মুখভাগ সম্পূৰ্ণৰূপে ভষ্মীভূত হৈছিল আৰু পূৰ্বে উল্লেখ কৰা ধৰণে ককপিটত থকা ভাৰতীয় বায়ুসেনাৰ আটাইকেইগৰাকী অভিজ্ঞ বিষয়াই কৰুণ মৃত্যুক আঁকোৱালি লৈছিল। গাঁওখনৰ অন্যতম সৰবৰহী ব্যক্তি ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰৰ একেবাৰে সমীপতে সংঘটিত হৈছিল এই দুৰ্ঘটনা। সেয়েহে ঘটনাস্থলীত লগে লগে উপস্থিত হ’ব পাৰিছিল তেওঁ। ইন্দ্ৰেশ্বৰ বৰা, ললিত বৰুৱাসহ কেইবাজনো গাঁওবাসীয়ে এনে দৃশ্য দেখিও বিচলিত নহৈ অতি প্ৰত্যুৎপন্নমতিতাৰে আঘাতপ্ৰাপ্ত আৰোহীসকলক উদ্ধাৰ কৰি ওচৰতে থকা ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰলৈ নিয়ে আৰু তাতেই প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে। ঘটনাৰ আকস্মিকতাত প্ৰথমতে বিমানখন ক’ৰ আৰু বিমানৰ আৰোহীসকল কোন কোন আছিল সেয়া গম পোৱা হোৱা নাছিল যদিও কিছু সময় পিছতে গাঁওবাসীয়ে সেয়া প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ বিমান আৰু দুৰ্ঘটনাত তেওঁ আহত হোৱা বুলি জানিব পাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাটোত নাক আৰু ভৰিত দুখ পাইছিল আৰু তেওঁক ইন্দ্ৰেশ্বৰ বৰাই দাংকোলাকৈ লৈ নিজৰ ঘৰলৈ লৈ গৈছিল। বিমানৰ আন কেইজন আৰোহীয়েও কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল। এই লোকসকলক ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰতে প্ৰাথমিক চিকিৎসা আৰু পৰিচৰ্যা কৰাৰ লগতে জলপানৰো ব্যৱস্থা কৰি দিছিল পৰিয়ালটোৱে। সেইমতে মোৰাৰজী দেশাইয়ে তাত সেইদিনা ৰঙা চাহ আৰু ৰোজ বিস্কুট গ্ৰহণ কৰে। ইতিমধ্যে দুৰ্ঘটনাৰ বাতৰি যোৰহাট বায়ুসেনাৰ ঘাটীত লাভ কৰাত প্ৰশাসন আৰক্ষীকে ধৰি এটা বৃহৎ দল টেকেলা গাঁৱত উপস্থিত হৈ নিশা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীগৰাকীসহ আটাইকেইগৰাকী লোকক যোৰহাটলৈ লৈ আহে। একে সময়তে ধ্বংসপ্ৰাপ্ত পুষ্পকৰ ককপিটত আৱদ্ধ হৈ থকা পাইলট, স্কুৱাড্ৰন লীডাৰসহ বিষয়াকেইগৰাকীৰ মৃতদেহো উদ্ধাৰ কৰি যোৰহাটলৈ অনা হয়। পৰৱৰ্তী সময়ত ধ্বংসপ্ৰাপ্ত পুষ্পক টেকেলা গাঁৱৰ সেই নিৰ্দিষ্ট পথাৰখনত প্ৰায় ছমাহ পৰি আছিল আৰু শিবিৰ স্থাপন কৰি দিনে-নিশাই তাত আৰক্ষীয়ে পহৰাৰ ব্যৱস্থা কৰিছিল। অৱশ্যে প্ৰশাসনৰ ফালৰ পৰা সেইখন তাৰপৰা স্থানান্তৰ কৰাৰ পিছত অন্যতম উদ্ধাৰকাৰী ইন্দ্ৰেশ্বৰ বৰাই স্থানডোখৰৰ স্মৃতি ৰক্ষাৰ্থে তাত এটা মদাৰৰ পুলি ৰোপণ কৰে। এই ভয়াৱহ সন্ধিয়াটোৰ পিছত প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে নতুন দিল্লীলৈ গৈ তেওঁক কৰা শুশ্ৰুষাৰ কৃতজ্ঞতা স্বীকাৰ কৰি ইন্দ্ৰেশ্বৰ বৰালৈ এখন পত্ৰ প্ৰেৰণ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰাও তেওঁলৈ পিছত তদ্ৰুপ এখন পত্ৰ প্ৰেৰণ কৰা হয়। আনহাতে পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীগৰাকী পুনৰবাৰ যোৰহাটলৈ আহোতে ইন্দ্ৰেশ্বৰ বৰাক আৱৰ্ত ভৱনলৈ মতাই নি কুশল বাৰ্তা সুধিছিল। কিন্তু আক্ষেপৰ কথা যে পিছলৈ এই দুৰ্ঘটনা সংঘটিত হোৱা স্থানডোখৰ সংৰক্ষণৰ বাবে চৰকাৰীভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। আনকি প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক কান্ধত তুলি আনি শুশ্ৰুষা কৰা ইন্দ্ৰেশ্বৰ বৰাকো বিশেষ কোনো সন্মান অথবা কোনো চৰকাৰী সা-সুবিধা প্ৰদান কৰা নহ’ল। চৰকাৰী প্ৰচেষ্টাৰ বিপৰীতে ঠাইডোখৰৰ স্মৃতি জীয়াই ৰাখিবলৈ ইন্দ্ৰেশ্বৰ বৰাই ৰোপণ কৰা মদাৰজোপাও ২ বছৰ আগতে মৰিল। অৱশ্যে ইন্দ্ৰেশ্বৰ বৰা ইহ সংসাৰৰ পৰা ৪ বছৰ পূৰ্বেই আঁতৰি গ’লেও তেওঁৰ পুত্ৰ দ্বীপেন বৰুৱাই ইয়াৰ স্মৃতি ৰক্ষাত কৃপণালী কৰা নাই। সেই অনুসাৰে দ্বীপেন বৰুৱাই পিতৃয়ে ৰোপণ কৰা গছজোপা মৰি যোৱাৰ পিছত পুনৰ সেই স্থানতে আন এডাল গছ ৰোপণ কৰি দেশৰ ইতিহাসৰ অন্য এক বিশেষ দিনটোৰ স্মৃতি সজীৱ কৰি ৰাখিছে।

Related Posts

Leave a Comment