news bazar24: ড্ৰাগছ আসক্ত যুৱকে লোহাৰ ৰ’ডেৰে মৰিয়াই নিজৰে জ্যেষ্ঠ ভ্ৰাতৃক হত্যা কৰে ৷ গুৱাহাটীৰ বামুণীমৈদামত এটা লোমহৰ্ষক ঘটনা সংঘটিত হৈছে।অভিযোগ অনুসৰি জিন্টু দাস নামৰ ২০ বছৰীয়া যুৱকজনে শুই থকা অৱস্থাত ভ্ৰাতৃ কমল দাস(২২)-ক এডাল লোহাৰ ৰ’ডেৰে মৰিয়াই হত্যা কৰে ৷ ্পাৰপ্ত থথ্য অনুসৰি দুই ভাই-ককাইৰ মাজত এটা চিলিণ্ডাৰ বিক্ৰীক কেন্দ্ৰ কৰি দেওবাৰে গোটেই দিন কাজিয়া হৈ আছিল। স্থানীয় একাংশ লোকৰ মতে, জিণ্টু ড্ৰাগছ আসক্ত। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৰহাটৰ টীয়কতো অনুৰূপ এটা হত্যাকাণ্ড সংঘটিত হয়। কাকুমণি বৰা নামৰ এজন ২৩ বছৰীয়া যুৱকক তেওঁৰ পিতৃ আৰু সতীয়া মাকে মিলি হত্যা কৰে।-sentinelassam