Home » লালগণেশ বিদ্যাপীঠত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি উন্মোচন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

লালগণেশ বিদ্যাপীঠত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি উন্মোচন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

by admin
636 views

গুৱাহাটী , ৮ ডিচেম্বৰ : পশ্চিম গুৱাহাটীৰ লালগণেশ বিদ্যাপীঠ চৌহদত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিধায়ক উন্নয়ন পুঁজিৰ তিনি লাখ টকাৰ আৰ্থিক অনুদানৰে নিৰ্মাণ কৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তিটো ৭ ডিচেম্বৰত উন্মোচন কৰা হয় । বিদ্যালয় খনৰ শিক্ষক – শিক্ষয়িত্ৰী , ছাত্ৰ – ছাত্ৰী আৰু বৃহত্তৰ লালগণেশ – কালাপাহাৰ অঞ্চলৰ বহুসংখ্যক লোকৰ উপস্থিতিত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰতিমূৰ্তিটো উন্মোচন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে সমাজকর্মী অচিত ৰঞ্জন চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চমু ভাষণত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক এজন আজন্ম কবি বুলি অভিহিত কৰে আৰু প্ৰথম ভাৰতীয় হিচাপে সাহিত্যত লাভ কৰা নোবেল বঁটাই সেই স্বীকৃতিৰ মহীয়ান কৰিছে বুলি সদৰি কৰে । অনুষ্ঠানত লালগণেশ বিদ্যাপীঠ পৰিচালনা কমিটিৰ জয় চক্ৰবৰ্তী , শ্যামল ভৌমিক , গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ ভূপেন ঠাকুৰীয়া , অগপৰ মহিলা নেত্ৰী ক্ৰমে – বৰষা নাথ কলিতা , গীতাঞ্জলি কাকতি , দীপাঞ্জলি সিনহা , দীপাঞ্জলি বৰুৱা , অগপ নকুল কলিতা , সুমিত পলকে ধৰি কেবাজনো লোকে ভাষণত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অঞ্চলটোৰ ৰাইজৰ দাবী আৰু আহ্বান অনুসৰি বিদ্যালয় চৌহদত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে বিধায়ক উন্নয়ন পুঁজিৰ পৰা তিনি লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা বাবে চিত্ৰলেখা কলাকেন্দ্ৰৰ শলাগ লয় ।

Related Posts

Leave a Comment