Home » গুৱাহাটী বিশ্ববিদ্যালয়ত লন টেনিছ কৰ্ট উদ্ধোধন

গুৱাহাটী বিশ্ববিদ্যালয়ত লন টেনিছ কৰ্ট উদ্ধোধন

by admin
1530 views

গুৱাহাটী , ১৪ ডিচেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰ বাকৰিত নির্মাণ কৰা লন টেনিছ কৰ্টখন ১৩ ডিচেম্বৰত উদ্ধোধন কৰা হয় । বিশ্ববিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ – ছাত্ৰীৰ উপস্থিতিত লন টেনিছ কৰ্টখন উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি , অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ লন টেনিছ প্ৰশিক্ষক শিবাশীষ ৰাউত , গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাৰ্শ্ব পাটগিৰী আৰু প্ৰাক্তন উপ সভাপতি লক্ষ্যজিৎ দাসে । চমু ভাষণত ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে লন টেনিছ কৰ্টখন মুকলি হোৱাৰ পাছত লন টেনিছ খেল খেলা ছাত্ৰ ছাত্ৰী সকলৰ এটা বহুদিনীয়া অভাৱ পূৰণ হব বুলি আশা ব্যক্ত কৰে ।

Related Posts

Leave a Comment