Home » মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কোভিড-19 বিধৱা সমৰ্থন আঁচনিৰ চেক বিতৰণ কৰে

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কোভিড-19 বিধৱা সমৰ্থন আঁচনিৰ চেক বিতৰণ কৰে

by admin
683 views

গুৱাহাটীঃ কামৰূপ (মেট্ৰ’ ) জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কোভিড-১৯ বিধৱা সমৰ্থন আঁচনিৰ অধীনত মঙলবাৰে চহৰখনৰ উপায়ুক্তকাৰ্যালয়ত ২০ গৰাকীকৈ মহিলাক ২,৫০,০০০ টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি পাটোৱাৰীয়ে কয় যে এই আঁচনিৰ উদ্দেশ্য হৈছে মহামাৰীৰ ফলত স্বামী হেৰুওৱা মহিলাসকলক শক্তিশালী কৰা আৰু লাভজনক কাৰ্যকলাপৰ জৰিয়তে তেওঁলোকক জীৱিকা অৰ্জন কৰিবলৈ সক্ষম কৰা। তেওঁ হিতাধিকাৰীসকলক তেওঁলোকৰ পৰিয়ালৰ চোৱাচিতা কৰিবলৈ মানসিকভাৱে শক্তিশালী হৈ থাকিবলৈ আহ্বান জনায়। চেক বিতৰণ কাৰ্যসূচীত কামৰূপ (এম)ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, এডিচি মুনিন্দ্ৰ বৰদলৈ আৰু জিলা পৰিবহন বিষয়া গৌতম দাস উপস্থিত আছিল।

Related Posts

Leave a Comment