উত্তম বিশ্বাস, গুৱাহাটীঃ বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত পশ্চিম বংগৰ মায়াংগুৰিৰ (জলপাইগুৰি) দোমোহনী গাঁৱৰ ওচৰত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ ৰে’লৰ কমেও ৫টা ডবা (১৫৬৩৩) লাইনচ্যুত হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পশ্চিম বংগৰ মায়াংগুৰিৰ ওচৰত ৰে’লখন লাইনচ্যুত হয়। অৱশ্যে, ৰেলখনত যাত্ৰীৰ সঠিক সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই। ৰেলখন প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ বেগত আগবাঢ়ি আছিল। প্ৰতিবেদনসমূহে আৰু দাবী কৰিছিল যে কেইবাজনো যাত্ৰী আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা কৰা হৈছে। উদ্ধাৰ অভিযান চলি আছে আৰু উক্ত অভিযানত গেছ কাটাৰ ব্যৱহাৰ কৰা হৈছে ইফালে, আলিপুৰদুৱাৰ ৰে’লৱে ঘটনাক লৈ মালদা ষ্টেচনত ষ্টেচন মেনেজাৰৰ বিবৃতি আৰু ইয়াৰ কিছু নম্বৰ আৰু ৰেল যাত্ৰা