নগাঁওঃ দিনজোৰা কাৰ্যসূচীৰে অসমৰ মুখ্যমন্ত্ৰী ড০ সিংহ বিশ্ব শৰ্মাই শনিবাৰে নগাঁও ভ্ৰমণ কৰে আৰু আনুষ্ঠানিকভাৱে কোলং নদীৰ ওপৰত নতুনকৈ নিৰ্মিত কংক্ৰিট দলং আৰু নগাঁও চাৰ্কিট হাউচৰ সন্মুখত নিৰ্মাণ কৰা এখন নতুন উদ্যান উদ্বোধন কৰে। ইয়াৰ উপৰিও, ১৩ জানুৱাৰীৰ পৰা নগাঁও নেহৰুবালি পথাৰত নগাঁও ভোগালী বিহু উদজাপন সমিতিয়ে আয়োজন কৰা ১০৯ সংখ্যক নগাঁও ভূগালী বিহু উদজাপন সমিতিৰ মুকলি অধিৱেশন আৰু ৰাজ্য চৰকাৰৰ মহাবিদ্যালয়খনৰাজ্যিক বিশ্ববিদ্যালয়ৰ মানদণ্ডলৈ উন্নীত কৰাৰ সিদ্ধান্তৰ প্ৰতি কৃতজ্ঞতা স্বৰূপে নওগং মহাবিদ্যালয়ত (স্বায়ত্তশাসিত) অনুষ্ঠিত এক বিশেষ সম্বৰ্ধনা কাৰ্যসূচীতো ড০ শৰ্মাই অংশগ্ৰহণ কৰে।নগাঁও নেহৰুবালি পথাৰত ১০৯ সংখ্যক নগাঁও ভূগালী বিহু উদযাপন অনুষ্ঠানত অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ড০ শৰ্মাই কয়, “ভোগালী বিহুৰ আনুষ্ঠানিক উদযাপনত নগাঁও সদায় আগশাৰীৰ হিচাপে সমগ্ৰ ৰাজ্যতে আগবাঢ়ি থাকে আৰু ভোগালী বিহুৰ এই উদযাপনে বৃহত্তৰ অসমজাতিক এক সমৃদ্ধ ৰাষ্ট্ৰ হিচাপে চিনাক্ত কৰিছে।” নগাঁওক ৰাজ্যখনৰ এখন প্ৰগতিশীল জিলা হিচাপে নিৰ্ধাৰণ কৰাৰ বাবে নগাঁৱত চলি থকা উন্নয়নমূলক প্ৰকল্প আৰু অন্যান্য আঁচনিৰ কথা উল্লেখ কৰি ডাঃ শৰ্মাই কয়, “চহৰখনৰ উপকণ্ঠৰ মহখুলীত নিৰ্মাণ হৈ থকা নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসা বিজ্ঞানৰ শৈক্ষিক অধিৱেশন অহা বছৰৰ পৰা আৰম্ভ হ’ব। একেদৰে, ঐতিহাসিক নওগং মহাবিদ্যালয় (স্বায়ত্তশাসিত) এখন ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ প্ৰাথমিক কাম চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আৰম্ভ কৰা হ’ব।” তেওঁ লগতে কয়, “উন্নতিৰ বাবে সমগ্ৰ কাম- যাৰ ভিতৰত আছে শৈক্ষিক ভৱন ৰ লগতে হোষ্টেল নিৰ্মাণ, পৰৱৰ্তী তিনিটাৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।
previous post