গুৱাহাটীঃ দেওবাৰে পুৱা ফেন্সি বজাৰৰ চেম্বাৰ ৰোডত ‘গোপাল মহাৰাজা ৰেষ্টুৰেণ্ট’ নামৰ এটা ভোজনালয়ত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে ঘটনাটোত কোনেও আঘাত প্ৰাপ্ত হোৱা নাছিল। পিছত ৬ খন অগ্নিনিৰ্বাপক গাড়ীৰ দ্বাৰা জুই নুমুৱাই দিয়া হৈছিল। সূত্ৰসমূহে কৈছিল যে জুই বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ পৰা আৰম্ভ হোৱাবুলি সন্দেহ কৰা হৈছে।