Home » কাইলৈ পাণ্ডুনাথ দেৱালয়ত উদযাপন কৰা হব ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন

কাইলৈ পাণ্ডুনাথ দেৱালয়ত উদযাপন কৰা হব ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন

by admin
3379 views

গুৱাহাটী , ৩১ জানুৱাৰী : গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহা সিক পাণ্ডুনাথ দেৱালয় প্ৰাংগণত বিগত বছৰ সমূহৰ দৰে এইবেলিও অহা পহিলা ফেব্ৰুৱাৰীত স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক উদযাপন কৰা হব । ইতিমধ্যে জন্মদিনৰ লগত সংগতি ৰাখি ৩০ জানুৱাৰীত দেৱালয় প্ৰাংগণত বৃহত্তৰ পাণ্ডু অঞ্চলৰ ছাত্ৰ – ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । আনহাতে জন্মদিনৰ লগত সংগত ৰাখি পহিলা ফেব্ৰুৱাৰীত সন্ধিয়া ৫ বজাত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য , দীৰ্ঘায়ু আৰু মংগল কামনা কৰি সমূহীয়াভাবে বন্তি প্ৰজ্বলন কৰা হব । ইয়াৰ উপৰি জন্মদিনৰ কাৰ্যসূচী সুচাৰুভাৱে উদযাপন কৰিবলৈ ৰিণিকী ভূঞা শৰ্মাক সভাপতি , ভূপতি শৰ্মাক কাৰ্যকৰী সভাপতি , নিমাই চন্দ্ৰ দাসক সাধাৰণ সম্পাদক আৰু ৰাজু বিশ্বাসক কোষাধ্যক্ষ লৈ হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মা জন্মদিন উদযাপন কমিটি এখন গঠন কৰা হৈছে । উল্লেখযোগ্য যে পাণ্ডুনাথ দেৱালয়ত ২০০৩ চনৰ পৰা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পহিলা ফেব্ৰুৱাৰীৰ তেওঁৰ জন্মদিনত সুস্বাস্থ্য , দীৰ্ঘায়ু আৰু মংগল কামনা কৰি সমূহীয়াভাবে বন্তি প্ৰজ্বলন কৰি অহাৰ লগতে ছাত্ৰ – ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে ।

Related Posts

Leave a Comment