Home » নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে দিছপুৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা ঠিকাদাৰক দায়িত্ব অৰ্পণ

নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে দিছপুৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা ঠিকাদাৰক দায়িত্ব অৰ্পণ

by admin
3902 views

নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে দিছপুৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা ঠিকাদাৰক দায়িত্ব অৰ্পণ ;
আধাৰশিলা স্থাপনৰ পাছত যুদ্ধকালীন তৎপৰতাৰে আৰ জি বৰুৱা পথৰ জু – তিনিআলিৰ দুইলেনযুক্ত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে দায়িত্ববাহী ঠিকাদাৰে
গুৱাহাটী , ২ ফেব্ৰুৱাৰী : গুৱাহাটীৰ যান জঁট সমস্যাৰ সমাধানৰ বাবে অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগে অন্যতম ব্যস্ত পথ হিচাপে পৰিচিত চানমাৰীৰ উৰণীয়া সেঁতুৰ পৰা গণেশগুৰী সংযোগী ৰাধাগোবিন্দ বৰুৱা চমুকৈ আৰ জি বৰুৱা পথৰ জু – তিনিআলিত এখন দুই লেনযুক্ত উৰণীয়া সেঁতু নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে । পহিলা ফেব্ৰুৱাৰীত ৭৮.৯৩ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰিব লগীয়া ৫৮০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ১৫ মিটাৰ বহলৰ উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই উপলক্ষে অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষণ প্ৰসংগত উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ লক্ষ্য যদিও ডেৰ বছৰ বা ১৮ মাহ নিৰ্ধাৰণ কৰা হৈছে তথাপি লোকনির্মাণ বিভাগত দিছপুৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখনৰ দৰে নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে যিদৰে নিৰ্মাণকার্য সম্পূৰ্ণ কৰি অভিলেখ ৰচনা কৰা হৈছে তেনেকৈ জু- তিনিআলিৰো উৰণীয়া সেঁতুখন যাতে নিৰ্ধাৰিত সময়ৰ তিনি – চাৰিমাহ পূৰ্বে নিৰ্মাণকার্য সম্পূৰ্ণ হয় তাৰ বাবে লোকনির্মাণ বিভাগ আৰু দায়িত্ববাহী ঠিকাদাৰক ৰাজহুৱাকৈ আহ্বান জনায় । বিশেষকৈ মুখ্যমন্ত্ৰীৰ ৰাজহুৱা আহ্বানৰ পাছতেই সভা অন্ত পৰাৰ লগে লগে উৰণীয়া সেঁতু নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাসে মাংগলিক কাৰ্যৰ মাজেৰে নিৰ্মাণৰ কাম আৰম্ভ কৰে । লোকনির্মাণ পথ বিভাগৰ পূব গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হেমন্ত দত্ত ভৰালী , সহকাৰী কাৰ্যবাহী অভিযন্তা ভাস্কৰ মিশ্ৰ ভাগৱতীকে ধৰি বিভাগীয় অভিযন্তাৰ উপস্থিতিত বিয়লি পাইলিং টেষ্টৰ কাম আৰম্ভ কৰে । পাইলিং টেষ্টৰ পাছতেই অহা কিছুদিনৰ ভিতৰতে উৰণীয়া সেঁতুৰ খুটা বা স্পান নিৰ্মাণৰ কাম আৰম্ভ কৰা হব । ঠিকাদাৰ অনিল দাসে সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰীৰ আহ্বান অনুসৰি অহা ২০২৩ বৰ্ষৰ বহাগ বিহুৰ আগতেই বা ১৫ মাহৰ ভিতৰত যাতে নিৰ্মাণ কার্য সম্পূৰ্ণ কৰিব পাৰি তাৰ বাবে আধাৰশিলা স্থাপনৰ পাছৰে পৰা যুদ্ধকালীন তৎপৰতাৰে কাম সমূহ কৰি থকা হব । ইতিমধ্যে লোকনির্মাণ বিভাগৰ সহযোগত উৰণীয়া সেঁতুৰ নিৰ্মাণত জড়িত শ্ৰমিক সকলক থকা মেলাৰ বাবে কিছু নিলগত থকা চানমাৰীৰ আনন্দৰাম বৰুৱা উৰণীয়া সেঁতুৰ তলত কেম্প বা শিবিৰ স্থাপন কৰা হৈছে । আনহাতে উৰণীয়া সেঁতু নিৰ্মাণ হবলগীয়া স্থানখিনী টিনৰ বেৰ দি আবৃত কৰি দিয়া হৈছে । যাতে নিৰ্মাণৰ কাম সমূহ ক্ষিপ্ৰতাৰে কৰি থাকিব পাৰি । উল্লেখযোগ্য যে উৰণীয়া সেঁতুখনৰ তলৰ দুয়োফালে চাৰে পাঁচ মিটাৰ বহলৰ দুটা পথ বা লেন থাকিব । সেই পথত দুয়োফালে পদপথ সহিতে পানী পৰিবাহী নলাৰ ব্যৱস্থা থাকিব । আনকি বাহিনী নৈৰ সুৰক্ষাৰ বাবেও দেৱাল নিৰ্মাণ কৰা হব । আনহাতে তলে ওপৰে মুঠ চাৰিটা লেন বা পথ থাকিব উৰণীয়া সেঁতুখনত । তেনেদৰে মুঠ আঠোটা খুটা বা স্পান থাকিব সেঁতুত । ইয়াৰ উপৰিও উৰণীয়া সেঁতুখন ষ্টীল গ্ৰীদাৰসহ ক্ৰেছ বেৰীয়াৰ ( বি ইউ এছ জি ) পদ্ধতিৰে নিৰ্মাণ কৰা হব । নিৰ্মাণকার্য খৰটকীয়া কৰাৰ বাবে আৰম্ভণিৰে পৰা অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । ইতিমধ্যে তেনে বিশেষ প্ৰযুক্তিগত বাহন নিৰ্মাণস্থলীলৈ অনা হৈছে । উল্লেখযোগ্য যে দিছপুৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখনৰো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল দক্ষিণ কামৰূপৰ মিৰ্জা অঞ্চলৰ বাসিন্দা তথা লোকনির্মাণ বিভাগত এজন প্ৰথম শ্ৰেণীৰ এ ঠিকাদাৰ হিচাপে পৰিচিত অনিল দাসে । সেইখন সেঁতু নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে সম্পূৰ্ণ কৰি অসমৰ লোকনির্মাণ বিভাগত এক বিৰল ইতিহাস ৰচনা কৰা বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উৰণীয়া সেঁতুৰ উদ্ধোধনী অনুষ্ঠানত ঠিকাদাৰ অনিল দাসক ৰাজহুৱাকৈ সম্বৰ্ধনা জনাইছিল ।

Related Posts

Leave a Comment