news bazar24: গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত ৫ ফেব্ৰুৱাৰীত বিয়লি উজনিমুৱা ৰেলত ৰেলৱে সুৰক্ষা বাহিনীয়ে বেগত কৌশলৰে নি থকা অৱস্থাত উদ্ধাৰ কৰা ২৯৯ টা বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছক আজি বিয়লি চাৰিদিনৰ অন্তত গুৱাহাটীৰ পাৰ্শ্ববৰ্তী পবিতৰা অভয়াৰণ্যৰ ভিতৰৰ পাগলাডুবি বিলত এৰি দিয়া হয় । এই সন্দৰ্ভত বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী শইকীয়াই জানিবলৈ দিয়া মতে ৫ ফেব্ৰুৱাৰীত ৰেলৱে সুৰক্ষা বাহিনীয়ে কামাখ্যা ৰেল ষ্টেচনত কেবাখনো বেগত নি থকা অৱস্থাত মুঠ ২৩৫ টা কাছ উদ্ধাৰ কৰিছিল । নিশা স্থানীয় খানামুখ খন বন কাৰ্যালয়ক চমজাই দিয়াৰ পূৰ্বে ইয়াৰে ৬ টা কাছৰ দুৰ্ভাগ্যজনকভাবে মৃত্যু হয় । নিশাই খানামুখৰ খণ্ড বন বিষয়া আব্দুল ৰচিদৰ নেতৃত্বত এটা বনকর্মীৰ দলে পৰ্যবেক্ষণ আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাত গতাই দিয়ে । তাত তিনিদিন কাছ কেইটা পৰ্যবেক্ষণ কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশ আৰু বন বিভাগৰ মুখ্য বন্যপ্ৰাণী অধীক্ষকৰ ( Chief Wildlife Warden ) অনুমোদন ক্ৰমে বিভাগীয় নিয়মানুসাৰে কাছকেইটা বিলৰ পানীত এৰি দিয়া হয় । কাছকেইটা এৰি দিয়াৰ সময়ত পবিতৰা অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া নয়ন দাস , গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ উপ আঞ্চলিক বন বিষয়া প্ৰাণজিত দাস , বনপলকদ্বয় মৃগাংগ বৰ্মন আৰু হিমাংশু তালুকদাৰ , খানামুখৰ খণ্ড বন বিষয়া আব্দুল ৰছিদ উপস্থিত আছিল । খণ্ড বন বিষয়া আব্দুল ৰছিদে জানিবলৈ দিয়া “ইণ্ডিয়ান ফ্লেপশ্বিপ টাৰতল” নামৰে পৰিচিত এই বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছ অসমৰ বিভিন্ন নদী , বিলকে ধৰি দেশৰ কেবাখনো ৰাজ্যত পোৱা যায় । কিন্তু সিদিনাখন কোনে কি উদেশ্যত কৰ পৰা কলৈ কাছ সমূহ নিছিল তাক জানিব পৰা হোৱা নাই বুলি আব্দুল ৰছিদে জানিবলৈ দিছে ।