Home » গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীৰ চকু ; পাঁচ মাহত ১৫০ টাৰো বেদখলৰ চেষ্টা ব্যৰ্থ কৰিলে বন বিভাগে

গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীৰ চকু ; পাঁচ মাহত ১৫০ টাৰো বেদখলৰ চেষ্টা ব্যৰ্থ কৰিলে বন বিভাগে

by admin
4333 views

গুৱাহাটী , ১০ মাৰ্চ : অসম চৰকাৰে ৰাজ্যজুৰি সংৰক্ষিত বনাঞ্চল , চৰকাৰী মাটিত বেদখল উচ্ছেদ , ভূ মাফিয়া আৰু দালাল চক্ৰৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলাই আহিছে । আনকি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে অসম আৰক্ষীয়ে প্ৰায় পাঁচ মাহ পূৰ্বে ৰাজ্যজুৰি দালাল আৰু ভূ মাফিয়া চক্ৰৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ৬০০ জন দালালক আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল । কিন্তু চৰকাৰৰ এনে ধৰণৰ তৎপৰতা স্বত্তেও খোদ গুৱাহাটী মহানগৰীত এক মাটিৰ দালাল , ভূ মাফিয়া আৰু চতুৰ বেদখলকাৰী চক্ৰই অতি কৌশলেৰে চৰকাৰী মাটিৰ লগতে সংৰক্ষিত বনাঞ্চলৰ মাটিও বেদখলৰ চেষ্টা অব্যাহত ৰখা ঘটনাই সচেতন লোক সকলক চিন্তিত কৰি তুলিছে । অৱশ্যে বন বিভাগৰ শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰী নেতৃত্বাধীন গৃহ বিভাগৰ সহযোগত গুৱাহাটী মহানগৰীত থকা ছয়খন সংৰক্ষিত বনাঞ্চলত বিগত পাঁচ মাহত বেদখলৰ বাবে চেষ্টা চলোৱা ১৫০ টা ঘটনা ধৰা পেলাই ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে । বন বিভাগৰ এক সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটী মহানগৰীত ছয়খন সংৰক্ষিত বনাঞ্চলত বহু বছৰ ধৰি প্ৰায় ৩,৯৩৪ টা পৰিয়ালে মাটি বেদখল কৰি আছে । ইয়াৰ ভিতৰত হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত ( ৫৭৯ হেক্টৰ ) সৰ্বাধিক ১,৪২৭ টা পৰিয়ালে বেদখল কৰাৰ বিপৰীতে জালুকবাৰী ( ৯৭,৭০ হেক্টৰ ) সংৰক্ষিত বনাঞ্চলত ন্যূনতম ১৭ টা পৰিয়ালে বেদখল কৰি আহিছে । তেনেদৰে কালাপাহাৰত ( ৭০ হেক্টৰ ) ৯১১টা , ফটাশীলত ( ৬৬৯.০২ হেক্টৰ ) ১,২৯৮ টা , গোটানগৰত ( ২৬৬ হেক্টৰ) ২৬৬ টা আৰু শৰণীয়া পাহাৰত ( ৭.৯৯ ,হেক্টৰ ) ১৭ ,পৰিয়ালে বেদখল কৰি আছে । জানিব পৰা মতে ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা বন বিভাগ আৰু বন বাহিনীৰ মুৰব্বী হিচাপে ডঃ অলকা ভাৰ্গৱে বিগত বৰ্ষৰ পহিলা জুলাইত কাৰ্যভাৰ গ্ৰহণৰ পাছতে গুৱাহাটী মহানগৰীত সংৰক্ষিত বনাঞ্চলত যাতে নতুনকৈ কোনো ধৰণৰ নতুন বেদখলৰ ঘটনা সংঘটিত নহয় তাক লগে লগে প্ৰতিশ্ৰুতি কৰাৰ বাবে তৎকালে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ডি এফ অক নিৰ্দেশ দিছিল । তাৰ পাছত পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী শইকীয়াই গুৱাহাটীৰ বনাঞ্চলিক বিষয়াৰ জৰিয়তে গুৱাহাটীৰ ছয়খন সংৰক্ষিত বনাঞ্চলৰ তদাৰকৰ দায়িত্বত থকা খণ্ড বন বিষয়া সকলক বেদখল উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছিল । আনকি ইয়াৰ বাবে ভ্ৰাম্যমাণ পহৰা ( Pattrolimg ) ব্যৱস্থা শক্তিশালী কৰিবলৈও নিৰ্দেশ দিছিল সেই নিৰ্দেশৰ ভিত্তিত খণ্ড বিষয়া সকলে নতুন বেদখলৰ ঘটনা ৰোধৰ বাবে ভ্ৰাম্যমাণ পহৰা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে যোৱা অক্টোবৰ মাহৰ পৰা ৯ মাৰ্চ পৰ্যন্ত বিগত প্ৰায় পাঁচ মাহত গুৱাহাটী মহানগৰীত ১৫০ টাৰো অধিক নতুন বেদখলৰ ঘটনা ৰোধ কৰিবলৈ সক্ষম হৈছে । আনকি পহিলা ফেব্ৰুৱাৰীত বন বিভাগৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা প্ৰধান মুখ্য বন সংৰক্ষক অমিত সহায়েও নতুন বেদখলৰ ঘটনা ৰোধ কৰাৰ ওপৰত অধিক গুৰুত্ব দিছে । জানিব পৰা মতে গুৱাহাটীৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই মাজে সময়ে নিজে সন্মুখত থাকি বনকর্মীৰ দলক ভ্ৰাম্যমাণ পহৰা কাৰ্যত উৎসাহিত কৰি আহিছে । আনকি বন বিভাগৰ শেহতীয়া উচ্ছেদ অভিযানৰ ভিতৰত যোৱা ফেব্ৰুৱাৰী মাহত পাঞ্জাবাৰী অঞ্চলত ৩৮ টা ঘৰ আৰু ফটাশীল সংৰক্ষিত বনাঞ্চলত ৪৪ টা পৰিয়ালক উচ্ছেদ কৰা হয় । ইতিমধ্যে পাঞ্জাবাৰী পাহাৰত বেদখলৰ ঘটনা ৰোধৰ বাবে নতুনকৈ এটা বন শিবিৰ স্থাপন কৰা হয় । লক্ষণীয়ভাবে বন বিভাগত প্ৰয়োজনতকৈ বনকর্মীৰ সংখ্যা বহুখিনী কম হোৱাত তাৰ সুবিধা গ্ৰহণ কৰিছে বেদখলকাৰী আৰু ভূ মাফিয়া চক্ৰই । যাৰ বাবে প্ৰকৃতিপ্ৰেমী আৰু পৰিবেশ সংৰক্ষণৰ লগত জড়িত সকলোৱে বন বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক বনাঞ্চলত বেদখলৰ ঘটনা ৰোধৰ বাবে অতিৰিক্ত বনকর্মী বা দৰকাৰ হলে মাষ্টাৰৰোল কর্মী নিযুক্তি দিবলৈ আহ্বান জনাইছে ।

Related Posts

Leave a Comment