Home » আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ উদ্দোগত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত আন্তজাতিক নাৰী দিৱস পালন

আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ উদ্দোগত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত আন্তজাতিক নাৰী দিৱস পালন

by admin
15108 views

গুৱাহাটী ,  : গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু চিকিৎসালয়ত আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ উদ্যোগত আজি “আন্তৰ্জাতিক মহিলা দিৱস” পালন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ গুৱাহাটীৰ সাংসদ কুইন ওজাই অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ উদাহৰণ দাঙি ধৰি কয় আয়ুৰ্বেদৰ প্ৰচাৰ, প্ৰসাৰ আৰু প্ৰয়োগত নাৰীসমাজে অপৰিসীম অৱদান আগবঢ়াই আহিছে । অনুষ্ঠানত কেইবাগৰাকী মহিলা আয়ুৰ্বেদিক চিকিৎসকক সম্বৰ্ধনা জনোৱাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰা হয়। অনুষ্ঠানত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ড° ৰমাকান্ত শৰ্মা, বিশিষ্ট সমাজকৰ্মী জুলী ডেকা বৰুৱা, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া সচিব জ্যোশনা পাটগিৰী মেধি , প্ৰনতি মজুমদাৰৰ লগতে কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ দুই অধ্যাপিকা ক্ৰমে ডাঃ কৌশল্যা খাখলাৰী আৰু ডাঃ ৱাই বেণীয়ে মহিলা সকলৰ বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ কাৰণে আয়ুৰ্বেদিক চিকিৎসাৰ উপযোগিতা বিষয়ক বক্তৃতা প্ৰদান কৰে।
আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস আৰু সাধাৰণ সম্পাদক ডাঃ বিষ্ণু চৌধুৰীয়ে জানিবলৈ দিয়া মতে সন্থাৰ উদ্যোগত আজি ডিব্ৰুগড় , ডিফু , নলবাৰী , বাগছা , ধুবুৰী আৰু শিলচৰত মহিলাৰ বাবে বিনাূমুলীয়া চিকিৎসা আৰু সজাগতা শিবিৰ আয়োজন কৰা হয় । শিবিৰত ৰোগী সকলক বিনামূলীয়াকৈ আয়ুৰ্বেদিক ঔষধ প্ৰদান কৰা হয় ।

Related Posts

Leave a Comment