news bazar24: গুৱাহাটী : ৰঙিয়াৰ ওচৰৰ ভাতকুছিত আবেলি প্ৰায় ৪ বজাত সংঘটিত হয় এই শোকাবহ ঘটনা।এই ঘটনাত ডাম্পাৰে কাঢ়ি নিলে এজন মেধাবী ছাত্ৰৰ প্ৰাণ। এই ছাত্ৰজন আছিল বাক্সা পলিটেকনিক মছলপুৰৰ মেকানিকেল বিভাগৰ ছাত্ৰ অংশুমান বৰ্মণ(১৮)। অংশুমান বৰ্মণ গুৱাহাটীৰ লালগণেশ নিবাসী মহেন্দ্ৰ বৰ্মণৰ পুত্ৰ। অংশুমানে গুৱাহাটীৰ পৰা নিজৰ স্কুটিৰে নলবাৰীৰ পলিটেকনিক ইন্সটিটিউটলৈ গজ থকাৰ সময়তে একে দিশৰ পৰা গৈ থকা ডাম্পাৰ এখানে তেওঁক পিছফালৰ পৰা মহটিয়াই, ফলত এই মেধাবী ছাত্ৰজনৰ থিতাতে মৃত্যু হয়। অংশুমানৰ মৃত্যুৰ ফলত তেওঁৰ পৰিয়াল আৰু আত্মীয়ৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।