Home » ৰাণীত চি আৰ পি এফৰ উদ্যোগত ভেটাৰ্নছ দিৱস পালন

ৰাণীত চি আৰ পি এফৰ উদ্যোগত ভেটাৰ্নছ দিৱস পালন

by admin
6263 views

new bazar24  :  ৰাজ্যৰ এজন প্ৰভাৱশালী শ্ৰমিক নেতা , এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া ভাৰতীয় ৰেলৱেৰ অন্যতম ট্ৰেড ইউনিয়ন নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছ চমুকৈ এন এফ আই আঁৰৰ যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে । এন এফ ৰেলৱে এম্প’লয়িজ ইউনিয়নৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে পঞ্জাৱৰ অমৃতসৰ চহৰত ২৩ আৰু ২৪ ,মাৰ্চত অনুষ্ঠিত এন এফ আই আঁৰৰ ২৩৪ ,সংখ্যক কাৰ্যকৰী কমিটিৰ সভাত মুনীন্দ্ৰ শইকীয়াক এই গুৰুত্বপূৰ্ণ পদবীলৈ নিৰ্বাচিত কৰা হয় । আনহাতে নিৰ্বাচিত হোৱাৰ পাছত মুনীন্দ্ৰ শইকীয়াই অমৃতসৰৰ পৰা সংবাদ মাধ্যমৰ সৈতে হোৱা চমু বাৰ্তালাপত নতুন দায়িত্ব লাভ কৰি অত্যন্ত সুখী বুলি অভিহিত কৰি ইয়াৰ বাবে এন এফ ৰেলৱেৰ সমূহ কৰ্মচাৰীৰ আশীৰ্বাদ আৰু সমূহীয়া সহযোগিতাৰ বাবেহে নতুন দায়িত্ব লাভ কৰিছে বুলি সদৰি কৰে ।

Related Posts

Leave a Comment