গুৱাহাটী: যানবাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ অধিক যুদ্ধকালীন তৎপৰতাৰে ৰাজপথৰ অভিযানত নামি পৰিছে ৷ কেনিও যেন পলাই সাৰিব নোৱাৰা হৈছে যোৱা দিনবোৰত যানবাহনৰ বৃহৎ কৰফাকিৰে ৰাজ্যৰ ৰাজকোষত কুঠাৰঘাত কৰি অহা ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন বাহনৰ এচাম তথাকথিত মালিক। ৰাজপথত বাহনৰ সৈতে জব্দ হৈ এচাম গৰাকীয়ে মুখলজ্জা ঢাকিবলৈ ঠিতাতে গধুৰ জৰিমনাসহ কৰ আদায় দি মুক্ত হোৱাৰ বিপৰীতে বহুতেই বিভাগৰ কাৰ্যালয়লৈ আহি কৰ আদায়ৰ বাবে খদমদম লগাইছে ৷ যোৱা দিনবোৰৰ দৰে শুকুৰবাৰেও ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত অভিযানকাৰী দলে বেতকুছি, ভেটাপাৰা, ধাৰাপুৰ, ন মাইল, খানাপাৰা, তেতেলীয়া, বাইশ মাইল, চন্দ্ৰপুৰ,পানীখাইটি, পাটৰকুছি, বৰপথাৰ, নাৰেংগী আদি বহু গুৰুত্বপূৰ্ণ স্থানত তন্নতন্নকৈ তালাচী চলায়। যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠকৰ লগতে জয়ন্ত কাকতি, বদ্ৰুল আলি, ধীৰাশ্ৰী দাস, সুমীত্ৰা চৌধুৰী, বেবীলতা দলে, অণু দেউৰীকে ধৰি বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া-কৰ্মী কেইবাটাও ভাগত বিভক্ত হৈ গুৰুত্বপূৰ্ণ স্থানসমূহত ১৩০০ৰো অধিক বাহনত তালাচী চলাই ৷ তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়াৰ লগতে নথিপত্ৰৰ বিভিন্ন বিসঙ্গতিত ২৩০ ৰো অধিক বাহনৰ বিৰুদ্ধে ঠিতাতে গোচৰ ৰুজু কৰি স্কুল বাছসহ ব্যক্তিগত আৰু ব্যৱসায়িক ৯০ৰো অধিক বাহন জব্দ কৰে। উল্লেখ্য যে জব্দ হোৱা বহু বাহনেই ঠিতাতে জৰিমণাসহ কৰ আদায় দি মুক্ত হয়।